কাপোৰৰ ৰং উঠিলে কৰক এই কাম, ৰং উঠা বন্ধ হ’ব !

হুতে ৰং ম্লান হোৱাৰ ভয়ত নিজৰ প্ৰিয় কাপোৰ ধুবলৈ সাহস নকৰে। যদি আপুনিও এনে সমস্যাত পৰিছে। কিন্তু আজিৰ ব্যৱস্থা আপোনাৰ বাবে।

ব্যৱহৃত কাপোৰ বা কাপোৰ নোধোৱাকৈ থৈ দিলে ৰং সলনি হোৱাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে। কিন্তু ঘামৰ ফলত অতিৰিক্ত সমস্যা হিচাপে ভেঁকুৰৰ সমস্যা হ’ব পাৰে। এই ভেঁকুৰে কাপোৰত বগা দাগ সৃষ্টি কৰে। যাৰ বাবে কাপোৰখন আৰু পিন্ধিবলৈ উপযুক্ত নহয়।

গতিকে কাপোৰৰ ৰং আৰু উজ্জ্বলতা ধৰি ৰাখিবলৈ আপুনি এটা কৌশল অনুসৰণ কৰিব পাৰে। দোকানৰ পৰা প্ৰিয় বস্তু এটা কিনি ঘৰলৈ অনাৰ পিছত ৰং ম্লান হোৱাৰ চিন্তিত হ’লে এই কৌশল অনুসৰণ কৰক।

পানীৰ বাল্টি এটা লৈ তাত নিমখ আৰু ভিনেগাৰ দিব। তাৰ পিছত এই উপাদান দুটা হাতৰ সহায়ত পানীত ভালদৰে মিহলাই লওক। এতিয়া সেই পানীত আপোনাৰ প্ৰিয় কাপোৰ তিয়াই লওক।

কাপোৰখন ৩০ মিনিট পানীত তিয়াই থোৱাৰ পিছত সোনকালে ধুব লাগে। মনত ৰাখিব কেতিয়াও গৰম পানীত কাপোৰ ধুবলৈ চেষ্টা নকৰিব যিয়ে দাগ পেলাব পাৰে।

কাপোৰ শুকুৱাই লোৱাতো অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব পাৰে। এই কাপোৰবোৰ সদায় ছাঁত ওলোটাকৈ শুকুৱাই লওক। তেতিয়াহে কাপোৰৰ ৰং কাপোৰৰ পৰা আঁতৰি নাযায় আৰু কাপোৰৰ উজ্জ্বলতা অক্ষত থাকিব।

Leave a Comment