২৩ বছৰৰ বিবাহিত জীৱনত সন্তানৰ সংখ্যা ২৪। এই দাবী ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছৰে পৰা খুছবু পাঠক নামৰ অযোধ্যাৰ এগৰাকী মহিলাই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই মহিলাৰ শিশুসকলৰ বয়স ২ৰ পৰা ১৮ বছৰৰ ভিতৰত।
খুছবুৰ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে স্থানীয় সংবাদ মাধ্যমে আহমেদ নগৰৰ তেওঁৰ ঘৰত উপস্থিত হয়।
ইয়াৰ পিছত প্ৰকৃত গোপন কথা পোহৰলৈ আহিল। সেই মহিলাগৰাকীৰ গৰ্ভৱতী সন্তানৰ সংখ্যা মাত্ৰ দুটা। বাকী ২২ টা হ’ল তেওঁৰ ঘৰত থকা গছ-গছনিৰ সংখ্যা, যিবোৰ খুছবুৱে ২৩ বছৰ ধৰি শিশুৰ দৰে লালন-পালন কৰি আহিছে। আনকি তাইৰ ৰেচন কাৰ্ডতো দুটা সন্তান থকাৰ কথা উল্লেখ আছে।
সংবাদ মাধ্যমত এই তথ্য জানিব পাৰি বহু লোকে মহিলাগৰাকীৰ পোষ্টত মন্তব্য কৰি কয় যে কেৱল ছ’চিয়েল মিডিয়াত প্ৰচাৰ লাভৰ বাবেই এনে মিছা কথা কৈছে। এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সকলো শিশুকে কেমেৰাৰ সন্মুখত উপস্থিত হ’বলৈ দাবী জনায়।
উৎসঃ আনন্দবজাৰ কাকত