৬০ হাজাৰ ছাত্ৰ-ছাত্ৰী থকা ভাৰতত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বিদ্যালয় ক’ত আছে জানেনে ?

শিক্ষাই জাতিটোৰ মেৰুদণ্ড। আমি সকলোৱে আমাৰ শৈক্ষিক জীৱন আৰম্ভ কৰো কোনোবা স্কুল বা খেলা স্কুলত। অৱশ্যে ভাৰতৰ মাটিত ওখকৈ থিয় হৈ আছে বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয়খন। বহুতে হয়তো এই বিদ্যালয়খনৰ কথাও শুনা নাই। ৬০,০০০ ছাত্ৰ-ছাত্ৰী আৰু ১,০৫০ শ্ৰেণীকোঠাৰে ভাৰতৰ চিটি মন্টেছৰী স্কুল বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয়ত পৰিণত হৈছে।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অৱস্থিত চিটি মন্টেছৰী স্কুল (চিএমএছ)। সমগ্ৰ লক্ষ্ণৌ চহৰত চিটি মণ্টেছৰী স্কুলৰ ২১টা কেম্পাছ আছে। বৰ্তমান এই বিদ্যালয়ত প্ৰায় ৬০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। চিটি মণ্টেছৰীত শিক্ষক, বিষয়া, কৰ্মচাৰীকে ধৰি প্ৰায় ৪৫০০ লোকে কৰ্মৰত।

ডাঃ ড. জগদীশ গান্ধী আৰু ড. ভাৰতী গান্ধীৰ যৌথ উদ্যোগত, ১৯৫৯ চনত মাত্ৰ পাঁচজন ছাত্ৰ-ছাত্ৰীৰে এই বিদ্যালয়খনে যাত্ৰা আৰম্ভ কৰিছিল। চি এম এছ কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট পৰীক্ষাৰ অনুমোদন লাভ কৰা চিটি মণ্টেছৰীত মুঠ চাৰিটা বিভাগ আছে – প্ৰাক প্ৰাথমিক, প্ৰাথমিক, জুনিয়ৰ, ছিনিয়ৰ।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ‘বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয়’ হিচাপে তালিকাভুক্ত ভাৰতৰ চিটি মণ্টেছৰী স্কুল আন পাঁচখন সাধাৰণ বিদ্যালয়ৰ তুলনাত বহু বেলেগ। পৰম্পৰাগত অধ্যয়নৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিক চৰিত্ৰ আৰু মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত অতিৰিক্ত গুৰুত্ব দিয়া হয়।

ইয়াৰ উপৰিও শিল্প, সংগীত, নৃত্য, নাটক, ক্ৰীড়া, বিতৰ্ক, এম ইউ এন, বিদেশী ছাত্ৰ-ছাত্ৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বিনিময়, আৰু জুনিয়ৰ যুৱ সবলীকৰণ কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন অধ্যায়ৰ সৈতে পৰিচয় কৰাই দিয়া হয়। আপুনি হয়তো জানি আচৰিত হ’ব যে এই বিদ্যালয়খনত ১০০০ৰো অধিক শ্ৰেণীকোঠা আছে।

ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰায় ৩৭০০টা কম্পিউটাৰ চেট আছে। বলীউডৰ অভিনেত্ৰী চেলিনা জেটলী আৰু মডেল জিতেশ সিঙৰ দৰে চেলিব্ৰিটিয়ে চিটি মন্টেছৰী স্কুলত অধ্যয়ন কৰিছে। গিনিজ ৱৰ্ল্ড বুকত নাম অন্তৰ্ভুক্ত হোৱাৰ উপৰিও ভাৰতৰ চিটি মন্টেছৰীয়ে তিব্বতৰ ধৰ্মগুৰু দালাই লামাৰ দ্বাৰা HOPE OF HUMANITY বঁটা লাভ কৰি এক অনন্য নজিৰ সৃষ্টি কৰিছে।

Leave a Comment