ৰাতি এই কামটো ভুলতো নকৰিব, নহলে বহুত ক্ষতি হ’ব !

ৰাতি টোপনি ক্ষতি কৰে নেকি? বাৰে বাৰে সাৰ পোৱাৰ অভ্যাস আছে নেকি আপোনাৰ? মোবাইল, আড্ডা আদিত নিয়জিত থাকে নেকি আপুনি? আপুনি জানেনে যে ৰাতি নিয়মিতভাৱে সাৰ পালে শৰীৰৰ গুৰুতৰ ক্ষতি হ’ব পাৰে? ইয়াৰ উপৰিও পৰিয়াল আৰু বৈবাহিক জীৱনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

কম টোপনিয়ে আপোনাৰ জীৱন শৈলী সলনি কৰে ! লাহে লাহে সম্পৰ্কৰ গভীৰতা সলনি হৈ আহে ! বৈবাহিক বিবাদ বাঢ়িব পাৰে। আনকি বিবাহ বিচ্ছেদও হ’ব পাৰে।

আনহাতে, গৱেষকসকলে নৈশ শ্বিফটত কাম কৰা আৰু উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু কেন্সাৰৰ আশংকাৰ মাজত এক সম্পৰ্ক বিচাৰি উলিয়াইছে।

ব্ৰিটেইনৰ টোপনি গৱেষণা কেন্দ্ৰৰ গৱেষকসকলে এক অধ্যয়নত প্ৰকাশ কৰিছে যে, ৰাতিৰ কামৰ নেতিবাচক প্ৰভাৱ গভীৰ আণৱিক স্তৰত দেখা যায়। ৰাতি জাগৰণৰ ক্ষতিৰ পৰিসৰ গৱেষকসকলক আচৰিত কৰি তুলিছে।

মানুহৰ শৰীৰত এটা প্ৰাকৃতিক ছন্দ বা শৰীৰৰ ঘড়ী থাকে যিটো হৈছে ৰাতি টোপনি আৰু দিনত কাম কৰাৰ ছন্দ। ৰাতি সাৰ পালে হৰম’নৰ পৰিৱৰ্তন, শৰীৰৰ উষ্ণতা, মেজাজ আৰু মগজুৰ কাৰ্য্যক্ষমতাৰ পৰিৱৰ্তন হ’ব পাৰে।

Leave a Comment