ভাৰতৰ কোনখন ৰাজ্যত ৫টা বিমানবন্দৰ আছে? নাম শুনি আচৰিত হব।

এঠাইৰ পৰা আন ঠাইলৈ দ্ৰুতগতিত যোৱাত বিমান সমানেই ফলপ্ৰসূ। ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিলে এতিয়া বিশেষ সমস্যাৰ সৃষ্টি নহয়। এতিয়া ৰে’লসমূহে ভাৰতক সংযোগ কৰিছে। তদুপৰি দেশৰ বহু বিমানবন্দৰে ভাৰতৰ চুক-কোণে সংযোগ বজাই ৰাখিছে।

কিন্তু, আপুনি জানেনে যে ভাৰতত এনে এখন ৰাজ্য আছে য’ত ৫টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে? এই কথা জানিলে আপুনি আচৰিত হ’ব।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰা হৈছে। ফলত উত্তৰ প্ৰদেশ ভাৰতৰ একমাত্ৰ ৰাজ্য য’ত মুঠ ৫টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে।

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত দুটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছিল। সেই দুটা আছিল লক্ষ্ণৌ আৰু বাৰাণসী। কিন্তু ২০১২ চনৰ পৰা এই পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে।

২০২১ চনৰ ২০ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুশীনগৰত আন এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। তাৰ পিছত ২০২৩ চনত অযোধ্যা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰা হয়। নয়ডাৰ সমীপৰ জেৱাৰত মুকলি হ’ল আন এটা নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

এই নতুন বিমানবন্দৰটোৱে সমগ্ৰ দেশতে যাতায়তৰ সুবিধা প্ৰদান কৰিব। এই নতুন বিমানবন্দৰটো ১৩৩৪ হেক্টৰ মাটিত নিৰ্মাণ কৰা হৈছে। ইয়াত ১ কোটি ২০ লাখ যাত্ৰী যাত্ৰা কৰিব পাৰিব। এই বিমানবন্দৰত এক লাখ বিমান সেৱা চম্ভালিব পাৰিব। একে সময়তে ২ লাখ ৫০ হাজাৰ টন সামগ্ৰী পৰিবহণৰ ব্যৱস্থাও আছে।

Leave a Comment