মাতৃৰ গৰ্ভত থকা সন্তানটো কিয় বিশেষ ভাৱে অক্ষম হয় ?

অটিজিম বা অক্ষমতাৰ কাৰণ কি সেয়া সঠিকভাৱে কোৱা টান। শিশু এটা বিভিন্ন কাৰণত অটিষ্টিক হ’ব পাৰে। ইয়াৰে কিছুমান জিনীয় আৰু কিছুমান পৰিৱেশগত।

কেইবাটাও জিনীয় বিকাৰত অটিজিম হ’ব পাৰে। ইয়াৰ ভিতৰত ৰেট চিনড্ৰম, ফ্ৰেজিল এক্স চিনড্ৰম, ডাউন চিণ্ড্ৰম, স্নায়ু নলীৰ দোষ বা অবাঞ্চিত জিনীয় মিউটেচন আদি উল্লেখযোগ্য।

বৈজ্ঞানিক অধ্যয়নত দেখা গৈছে যে গৰ্ভাৱস্থাত ভাইৰাছৰ সংক্ৰমণ, ক্ষতিকাৰক ঔষধ সেৱন, গৰ্ভাৱস্থাৰ সময়ত হোৱা জটিলতা, পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ বা বিকিৰণৰ বাবে ভ্ৰুণৰ মগজুৰ বিকাশ ৰোধ হ’ব পাৰে আৰু অটিজিম হ’ব পাৰে। তদুপৰি গৰ্ভাৱস্থাত মাতৃসকলে

ৰক্তক্ষৰণ, অনিয়ন্ত্ৰিত ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিয়েও নৱজাতকৰ অটিজিমৰ সৃষ্টি কৰিব পাৰে।

কোনো ভেকচিনৰ দ্বাৰা শিশুৰ অটিজিম হোৱাৰ কোনো প্ৰমাণ পোৱা নাই।

ল’ৰাৰ ক্ষেত্ৰত অটিজিম বেছিকৈ দেখা যায়।

পৰিয়ালৰ এটা শিশুৰ অটিজিম হ’লে পৰৱৰ্তী শিশুৰ অটিজিম হোৱাৰ সম্ভাৱনা বেছি। কেতিয়াবা অটিষ্টিক শিশুৰ মাতৃ পিতৃৰ আচৰণত কিছু অসামঞ্জস্যতা থকাটো অস্বাভাৱিক নহয়।

অকালতে জন্ম লোৱা শিশুৰ অটিজিম হোৱাৰ আশংকা বৃদ্ধি পায়। তদুপৰি মা বা…

অতি সৰু বা অতি বয়সীয়াল পিতৃৰ পৰা জন্ম হোৱা সন্তানৰ ক্ষেত্ৰত অটিজিম প্ৰায়ে বেছি হয়।

গৰ্ভাৱস্থাত বিভিন্ন জটিলতাৰ বাবে অটিজিমৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগে লগে মাতৃৰ সুষম খাদ্য, পৰ্যাপ্ত জিৰণি, গৰ্ভাৱস্থাত মগজুৰ বিকাশ

নৱজাতকৰ অটিজিমৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ, যেনে ফলিক এচিড, আইৰণ, কমেও চাৰিবাৰ শাৰীৰিক পৰীক্ষা আৰু প্ৰতিষ্ঠানিক প্ৰসৱৰ দ্বাৰা।

লেখক: ড. ছাইদ এনাম

Leave a Comment