জীৱনত সফল হ’ব বিচাৰিলে এই ৩টা অভ্যাস গঢ়ি তোলক !

এ.পি.জে আব্দুল কালামে কৈছে যে,  যদি কোনো ব্যক্তিয়ে নিজৰ ভৱিষ্যত সলনি কৰিব বিচাৰিছে তেতিয়া প্ৰথমে নিজৰ দৈনন্দিন জীৱন প্ৰণালীক সলনি কৰিব লাগিব, কোনোবাই তেওঁৰ জীৱনত কিমান দূৰ সফল হ’ব সেইটো নিৰ্ভৰ কৰিব তেওঁৰ ৰাতিপুৱাৰ আৰম্ভণি কেনেদৰে হয় তাৰ ওপৰত। এই আর্টিকেলটোত জনাম যে এনেকুৱা কোনবোৰ দৈনন্দিন অভ্যাস আছে যিবোৰে এজন সাধাৰণ ব্যক্তিক সফল কৰি তোলে।

১/ ৰাতিপুৱা সোনকালে উঠা ) ৯০% সফল ব্যক্তিয়ে এইটো বিশ্বাস কৰে যে যদি কোনোবাই নিজৰ জীৱনত সফল হ’ব বিচাৰে তেতিয়া ৰাতিপুৱা ৪ টা বজাতেই নিজৰ বিচনাখন এৰিব লাগে।  ৰাতিপুৱাৰ সময় এনেকুৱা সময় যেতিয়া আধা পৃথিৱীৰ মানুহে শুই থাকে।  সম্পূৰ্ণ পৰিৱেশ শান্ত হৈ থাকে যাৰ বাবে যিকোনো কামক সম্পূৰ্ণ শক্তি আৰু উৎসাহেৰে কৰিব পাৰো।  সেইবাবে ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰক।

২/ ৰাতিপুৱা শুই উঠাৰ পিছত কি কৰিব ) ৰাতিপুৱা বহুতে সোনকালে উঠি যায় কিন্তু উঠি লৈ কি কৰিব লাগে গমেই নাপায় যাৰ বাবে ৰাতিপুৱা সোনকালে শুই উঠি আকৌ শুই যায়।  কিছুমানে ৰাতিপুৱা শুই উঠিয়েই নিজৰ মোবাইল ফোন চাবলৈ ধৰে।  যাৰ বাবে সিহতৰ সম্পূৰ্ণ দিন বেয়া যায়।  মনা হয় যে যদি দিনৰ আৰম্ভণি ভাল হয় তেতিয়া গোটেই দিন ভাল হয়।  গোটেই দিন আমি উৰ্জাৰে ভৰপূৰ হৈ থাকো আৰু আমাৰ মনটো ভাল হৈ থাকে।  এতিয়া প্ৰশ্ন আহে যে ৰাতিপুৱা শুই উঠি আমি এনেকুৱা কি কৰিব লাগে যাৰ জৰিয়তে আমাৰ দিনটো ভাল হয়, আপুনি প্ৰথমে ৰাতিপুৱা শুই উঠিয়েই এক দুই গিলাচ পানী খোৱক।  পানী খোৱাৰ পিছত গা ধুই ফ্ৰেচ হৈ লওঁক।  তাৰ পিছত এটা শান্ত ঠাইত বহি যোগাসন আৰু ধ্যান কৰক যিয়ে আপোনাৰ সম্পূৰ্ণ শৰীৰ সুস্থ ৰাখিব আৰু আপোনাৰ মগজু শান্ত হৈ থাকিব।  যাৰ ফলত আপুনি যিকোনো কাম ১০০% শক্তিৰ সৈতে কৰিব পাৰিব। এইটোৱে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰাখিব।

৩/ দিনটোৰ প্লেনিং কৰক ) তৃতীয়তে আপোনাৰ সম্পূৰ্ণ দিনটোৰ প্লেনিং,  আপোনাৰ কমিটমেন্ট,  আপোনাৰ টাস্ক এইবোৰ নিৰ্ভৰ কৰে  আপুনি কি কৰে,  আপোনাৰ জীৱিকা কি,  যদি আপুনি ছাত্ৰ হয় তেতিয়া আপুনি এইটো চাওঁক যে আপোনাৰ কিমান পঢ়িব আছে,  প্ৰথমে কোনটো পঢ়িব,  কিয়নো আপুনি যদি এইবোৰ সময়মতে শেষ নকৰে,  সেইবোৰ পিছুৱাই যায় তেতিয়া সেই কামত কেতিয়াও সফল হ’ব নোৱাৰে। ৰাতিপুৱা ভাল ভাল কিতাপ পঢ়িব।  যিবোৰক পঢ়িলে আপোনাৰ মগজুৱে ভালদৰে কাম কৰিব। আপোনাৰ চিন্তাধাৰা আৰু বুজাৰ শক্তি বাঢ়ি যায়।

Leave a Comment