ঘৰত দৰিদ্ৰতাই বাস কৰে এই বেয়া অভ্যাসবোৰৰ বাবে, মা লক্ষ্মীৰ খং উঠে !

কোনে নিবিচাৰে নিজৰ জীৱনটো সুখৰ হওক আৰু সকলোৱে তাৰ বাবে কঠোৰ পৰিশ্ৰমো কৰে। যাতে অধিক উপাৰ্জন কৰিব পাৰে। কিন্তু কিছুমান বদঅভ্যাসৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম বিফলে যায় আৰু ঘৰত দৰিদ্ৰতাই আগুৰি ধৰে। গতিকে গৰুদ পুৰাণৰ মতে আজিৰে পৰা এই লেতেৰা অভ্যাসবোৰ দূৰলৈ ঠেলি দিয়ক।

গৰুদ পুৰাণত কেৱল জীৱন-মৃত্যুৰ বহু ৰহস্য উন্মোচিত হোৱাৰ লগতে সৌভাগ্যৱান জীৱন যাপনৰ কৌশলবোৰো কোৱা হৈছে। এই নিয়মবোৰ মানি চলিলে আপোনাৰ ঘৰত কেতিয়াও দৰিদ্ৰতা নাহে আৰু সুখ-সমৃদ্ধিৰে ভৰি পৰিব।

গৰুদ পুৰাণৰ মতে যিসকল লোক ৰাতি দেৰিকৈ শুৱে আৰু ৰাতিপুৱা দেৰিকৈ উঠে তেওঁলোকৰ জীৱনটো দৰিদ্ৰতাৰে ভৰি পৰে। ৰাতিপুৱা দেৰিকৈ সাৰ পোৱা মানুহে এলাহৰ বাবে কেতিয়াও উন্নতি কৰিব নোৱাৰে। দেৱী লক্ষ্মীয়ে কেতিয়াও এলেহুৱা মানুহক ভাল নাপায় আৰু এনে ঘৰৰ পৰা আঁতৰি থাকে।

গৰুদ পুৰাণৰ মতে যিসকলে ঘৰ লেতেৰা কৰি ৰাখে। বিশেষকৈ যিসকলে পাকঘৰত চুৱা বাচন-বৰ্তন ৰাখে। এনে লোকে দৰিদ্ৰতাৰ মাজত জীৱন কটায়। গতিকে ৰাতি খোৱাৰ পিছত সদায় বাচন-বৰ্তন পৰিষ্কাৰ কৰি ৰাখক।

গৰুদ পুৰাণৰ মতে যিসকল লোকে বহু দিনলৈ লেতেৰা কাপোৰ পিন্ধে। এনে লোকে কেতিয়াও লক্ষ্মীৰ আশ্ৰয় নাপায়। এই মানুহবোৰ সদায় দুখীয়া হৈয়ে থাকে।

প্ৰতাৰণা কৰা, আনক তললৈ ঠেলি দিয়া বা আনক অপমান কৰা মানুহক মা লক্ষ্মীয়ে তেওঁলোকৰ ওপৰত কেতিয়াও কৃপাৰ বৰষুণ নিদিয়ে। গতিকে সদায় আনক সহায় কৰক আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন লওক

Disclaimer – এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, KosterJibon.com এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Leave a Comment