BSNL টাৱাৰ স্থাপন কৰি প্ৰতিমাহে ৫০ হাজাৰ টকা উপার্জন কৰক !

চাৰিওফালৰ খালী লটত আমি দেখা বেছিভাগ টাৱাৰেই BSNL আৰু অন্যান্য মোবাইল টাৱাৰ। ইয়াৰ বাবে বহু লোকে ঘৰতে বহি মোবাইল কোম্পানীৰ পৰা মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰি আছে।

এই বিষয়ত বহু লোক অজ্ঞান। যদি আপোনাৰ ঘৰৰ চাদত বা কাষত খালী মাটি আছে, তেন্তে আপুনি BSNL মোবাইল টাৱাৰ স্থাপন কৰি মাহে 50000 টকা পৰ্যন্ত সহজে উপাৰ্জন কৰিব পাৰিব।

ভাৰতৰ জনপ্ৰিয় টেলিকম ব্যৱস্থা BSNL অৰ্থাৎ ভাৰত সঞ্চাৰ নিগম লিমিটেডে এই সেৱা আগবঢ়াইছে। ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ বাবে ইতিমধ্যে বহুতে জিঅ’ ভোডাফোন কোম্পানী এৰি BSNL কোম্পানীটো বাছি লৈছে।

BSNL টাৱাৰ স্থাপন সেৱা তিনিটা কোম্পানী জিটিএল ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড, এটিচি টাৱাৰ, সিন্ধু টাৱাৰে প্ৰদান কৰে
যদিও ইয়াত কিছুমান চৰ্ত প্ৰযোজ্য। যদি আপোনাৰ ঘৰ বা খালী মাটিত এই চৰ্তবোৰ মিল খায় তেন্তে আপুনি অতি সহজে BSNL টাৱাৰ স্থাপন কৰিব পাৰে।

চৰ্তসমূহ হ’ল ঘৰৰ ঠাই বা মাটি ম’বাইল টাৱাৰ স্থাপন কৰা ব্যক্তিজনৰ নামত পঞ্জীয়ন কৰিব লাগিব। কিন্তু যদি সেই অঞ্চলত একাধিক বি এছ এন এল টাৱাৰ থাকে তেন্তে এই আবেদন নাকচ হ’ব পাৰে। তেনে ক্ষেত্ৰত যদি আপুনি Google Chrome ৰ Nperf com/en ৱেবছাইটলৈ গৈ আপোনাৰ অঞ্চলত নাম অনুসৰি সন্ধান কৰে, তেন্তে আপুনি চাব পাৰিব যে আপোনাৰ অঞ্চলত কিমান টাৱাৰ ইনষ্টল কৰা হৈছে।

আবেদন কৰিবলৈ কোনো মাচুলৰ প্ৰয়োজন নাই। যদিও আপোনাৰ অঞ্চলত একাধিক টাৱাৰ থকাৰ পিছতো টাৱাৰ সেৱা ভাল নহয় তেন্তে আপোনাৰ আবেদন গ্ৰহণ কৰা হ’ব পাৰে। কিন্তু যদি আপোনাৰ অঞ্চলত 3G সেৱা আছে তেন্তে আপুনি 5G সেৱাৰ বাবে আবেদন কৰিব পাৰে। যদিহে আবেদন গ্ৰহণ কৰা হয় তেন্তে কোম্পানীয়ে টাৱাৰটো সলনি কৰিবলৈ কি কৰিব লাগে সেই বিষয়ে অৱগত কৰিব।

Leave a Comment