Google Pay’ৰ জৰিয়তে পাওক ১৫,০০০ টকা, চাওক কেনেকৈ –

PhonePe,Google Pay , Paytm আদিৰ দৰে UPI App সমূহে অনলাইন লেনদেনত জনপ্ৰিয়তা লাভ কৰিছে। বেছিভাগ মানুহেই এই এপবোৰ বেছিভাগেই অনলাইন লেনদেন কৰাৰ বাবে ব্যৱহাৰ কৰে।

ডিজিটেল লেনদেনৰ বাবে অন্যতম জনপ্ৰিয় প্লেটফৰ্ম হ’ল গুগল পে বা জিপে। এই জিপেৰ জৰিয়তে ঋণ ল’ব পাৰিব।

ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰিবলৈ গুগল পে এপে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই গুগল পেৰ জৰিয়তে আপুনি সৰ্বাধিক ১৫ হাজাৰ টকাৰ ঋণ ল’ব পাৰিব। এই ঋণ মাত্ৰ ১১১ টকাৰ সহজ মাহিলী কিস্তিত পৰিশোধ কৰিব পাৰিব।

এই গুগল পে’ৰ জৰিয়তে ঋণ লোৱাৰ পদ্ধতি অতি সহজ আৰু সময় ৰাহি। এই ঋণৰ সুবিধা ল’বলৈ কোনো অফিচলৈ যোৱাৰ প্ৰয়োজন নাই। অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰ জমা দি ঋণ লাভ কৰিব। Google Pay ব্যৱহাৰ কৰা লোকসকলে এই এপৰ জৰিয়তে সহজেই ঋণৰ ধন লাভ কৰিব পাৰিব ৷

অনুমোদিত খণ্ডৰ পৰা কম সময়ৰ বাবে লোৱা ঋণক চেচেট লোন বোলে। সাধাৰণতে এই ঋণৰ সময়সীমা ৭ দিনৰ পৰা ১২ মাহলৈকে।

গুগল পেই ডিএমআই ফাইনেন্সৰ সৈতে অংশীদাৰিত্ব কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰিবলৈ ঋণ প্ৰদান কৰিছে । ইপেলেটাৰৰ দৰে ক্ৰেডিট লাইনও প্ৰৱৰ্তন কৰিছে, যাতে ব্যৱসায়ীসকলৰ ধন সম্পৰ্কীয় কোনো সমস্যা নহয়।

এই ঋণ আপুনি আইচিআইচিআই, ফেডাৰেল বেংক, এইচডিএফচি, কোটক মহিন্দ্ৰা বেংকৰ জৰিয়তে লাভ কৰিব পাৰিব।

কেনেকৈ আবেদন কৰিব ?

১) প্ৰথমে Google Pay app ত গৈ Money tab ত ক্লিক কৰিব লাগিব।

২) তাৰ পিছত loan option ত ক্লিক কৰক। তাত আপুনি এপটোৰ এই লোন অফাৰটো দেখিব ৷

৩) লোন অফাৰত প্ৰি এপ্ৰুভেল লোন অপচন পাব। তাত আপুনি ঋণৰ সৈতে জড়িত সকলো তথ্য পাব।

৪) এতিয়া আপুনি EMI option লৈ যাব লাগিব। তাৰ পৰাই আপুনি আপোনাৰ সুবিধা অনুসৰি ইএমআইৰ পৰিমাণ বাছি ল’ব লাগিব।

৫) এই ঋণৰ সুবিধা ল’বলৈ গুগল পেই নিৰ্ধাৰণ কৰা সকলো প্ৰয়োজনীয় তথ্য দিব লাগিব ।

৬) ইয়াৰ পিছত আপুনি OTP পাব, সঠিক ঠাইত জমা দিব।

৭) বেংকৰ আবেদন ভেৰিফাই কৰাৰ পিছত লোন টেব অপচনটো চাওক আৰু তাত বেংক একাউণ্টৰ বিৱৰণ শুদ্ধ নেকি পৰীক্ষা কৰক।

৮) তাৰ পিছত ঋণৰ পৰিমাণ নিৰ্দিষ্ট বেংক একাউণ্টত জমা হোৱালৈ অপেক্ষা কৰক।

Leave a Comment