ভাৰতীয় ডাকঘৰত চাকৰি, প্ৰতিমাহে ৩০ হাজাৰ টকাৰ দৰমহা !

Indian Post Payment Bank Recruitment 2024: ভাৰতীয় ডাক বা ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক লিমিটেডে গ্ৰামীণ ডাক সেৱক বা কাৰ্যবাহী পদত নিযুক্তিৰ বাবে এক অধিসূচনা প্ৰকাশ কৰিছে।

এই অধিসূচনাত ৩৪৪টা খালী পদৰ নিযুক্তিৰ কথা উল্লেখ কৰা হৈছে। ইচ্ছুক চাকৰি প্ৰত্যাশীসকলে ইয়াত সহজেই অনলাইন আবেদন কৰিব পাৰিব। পুৰুষ আৰু মহিলা উভয় প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’লে ইয়াত আবেদন কৰিব পাৰিব।

আজিৰ প্ৰতিবেদনত এই নিযুক্তিৰ সৈতে জড়িত বিশদ তথ্য যেনে পদৰ নাম, মুঠ খালী পদ, শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহাৰ মাপকাঠি, আবেদন পদ্ধতি, নিযুক্তি প্ৰক্ৰিয়া সকলোকে আলোকপাত কৰা হৈছে।

পোষ্টৰ নামকাৰ্যবাহী
খালী পদ৩৪৪ টা
মাহিলী দৰমহা৩০ হাজাৰ টকা
আবেদনৰ শেষ তাৰিখ৩১/১০/২০২৪
আবেদনৰ পদ্ধতিঅনলাইন

পদৰ নাম আৰু খালী পদ (Post Name & Vacancy)

ইয়াত নিযুক্তি দিয়া পদটো হ’ল – কাৰ্যবাহী
ইয়াত মুঠ খালী পদৰ সংখ্যা হৈছে ৩৪৪টা। কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ পদ খালী। তলত আলোচনা কৰা হৈছে-


শিক্ষাগত অৰ্হতা
(Educational Qualification)

ইণ্ডিয়ান পোষ্ট পেমেণ্টছ বেংক লিমিটেড এক্সিকিউটিভ পদৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক চাকৰিৰ আকাংক্ষীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। ইয়াৰ উপৰিও চাকৰিৰ আকাংক্ষীসকলে গ্ৰামীণ ডাক সেৱক (GDS) হিচাপে নূন্যতম দুবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগে, তেতিয়া তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব।

বয়সৰ সীমা (Age Limit)

শ্ৰেণীবয়সৰ শিথিলতা
SC/ST৫ বছৰ 
OBC৩ বছৰ
PWD১০ বছৰ

মাহিলী দৰমহা (Monthly Salary)

ইণ্ডিয়ান ডাক পেমেণ্ট বেংকৰ এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৩০ হাজাৰ টকাৰ দৰমহা লাভ কৰিব। দৰমহাৰ বিষয়ে অধিক সবিশেষ জানিবলৈ তলত দিয়া লিংকটোৰ পৰা অফিচিয়েল নটিফিকেচনটো নিশ্চয়কৈ ডাউনলোড কৰিব পাৰিব।\

নিযুক্তি প্ৰক্ৰিয়া (Selection Process)

ইয়াত যোগ্য প্ৰাৰ্থীসকলক মূলতঃ দুটা পদক্ষেপৰ জৰিয়তে নিযুক্তি দিয়া হ’ব। প্ৰথমে স্নাতক পৰ্যায়ত পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিত মেধা তালিকা প্ৰস্তুত কৰা হ’ব। তাৰ পিছত ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকে প্ৰাৰ্থীসকলৰ বাবে অনলাইন টেষ্টৰ আয়োজন কৰিব। যদি দুজন প্ৰাৰ্থীৰ স্নাতক নম্বৰ সমান হয়, তেন্তে তেওঁলোকৰ ভিতৰত যিজন জ্যেষ্ঠ প্ৰাৰ্থীক চূড়ান্ত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হ’ব।

আবেদনৰ পদ্ধতি (Application Process)

ইণ্ডিয়ান ডাক পেমেণ্ট বেংকৰ এই পদৰ বাবে আবেদন কৰিব বিচৰাসকলে ২০২৪ চনৰ ১১ অক্টোবৰৰ পৰা ২০২৪ চনৰ ৩১ অক্টোবৰৰ ভিতৰত ভাৰতীয় ডাক পেমেণ্ট বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

প্ৰথমে অফিচিয়েল ৱেবচাইটত গৈ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। তাৰ পিছত আপোনাৰ সকলো তথ্য প্ৰদান কৰি আৰু প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰি আৰু শেষত আবেদন মাচুল দি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। আমাৰ ৰিপৰ্টৰ তলত অফিচিয়েল ৱেবছাইট লিংক দিয়া হৈছে, তাৰ পৰাই আপুনি পোনপটীয়াকৈ আবেদন কৰিব পাৰে।

আবেদন মাচুল (Application Fee)

ইণ্ডিয়ান ডাক পেমেণ্ট বেংকৰ এই পদত আৱেদন কৰিবলৈ ইচ্ছুক চাকৰি প্ৰাৰ্থীসকলে অনলাইন যোগেদি ৭৫০ টকা আবেদন মাচুল দিব লাগিব। কিন্তু এই ধন ঘূৰাই দিয়া নহয়।

গুৰুত্বপূৰ্ণ তাৰিখ
আবেদন আৰম্ভ – ১১ অক্টোবৰ, ২০২৪
আবেদনৰ অন্তিম তাৰিখ – ৩১ অক্টোবৰ, ২০২৪

গুৰুত্বপূৰ্ণ লিংকসমূহ
অনলাইন আবেদন লিংক –Apply Now
অফিচিয়েল জাননী – Download Now

Leave a Comment