ডাকঘৰত কিছুমান আঁচনি আছে যিবোৰ বহুত লাভজনক। এই আঁচনিসমূহে সময়ৰ লগে লগে বিপুল লাভৰ সৃষ্টি কৰিব পাৰে। ভৱিষ্যতৰ সুবিধাসমূহ মনত ৰাখি ডাকঘৰৰ পেঞ্চন আঁচনি গ্ৰহণ কৰিব পাৰি।
মাত্ৰ ৫০০ টকাত লাভ কৰিব পাৰিব ডাকঘৰৰ পিপিএফ আঁচনি। ইয়াৰ ফলত ৭.১ শতাংশ সুত পোৱা যাব। এই একাউণ্টটো দীৰ্ঘ সময়ৰ বাবে খুলিব পাৰিব।
১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে এই একাউণ্টটো খুলিব পাৰিব। অৱশ্যে পিতৃ-মাতৃয়েও নিজৰ সন্তানৰ বাবে এই একাউণ্টটো খুলিব পাৰে। প্ৰতি বছৰে নূন্যতম ৫০০ টকা আৰু সৰ্বাধিক ১.১৫ লাখ টকা জমা কৰিব পাৰিব।
সেই পৰিমাণৰ ধন বিনিয়োগ কৰিলে ১৫ বছৰৰ পিছত সেই ধন পৰিপক্ক হ’ব। কিন্তু প্ৰয়োজন হ’লে ৪ বছৰৰ পাছত কিছু টকা উলিয়াব পাৰিব।
ধৰক যদি আপুনি প্ৰতিমাহে ১০ হাজাৰ টকা জমা দিলে ১৫ বছৰত আপোনাৰ জমা ধনৰ পৰিমাণ ১৮ লাখ হ’ব। ৭.১ শতাংশ সুতৰ হাৰত মুঠ ১৪,৫৪,৫৬৭ টকা পাব। অৰ্থাৎ প্ৰতিমাহে ১০,০০০ টকা জমা কৰিলে ১৫ বছৰত ৩২,৫৪,৫৬৭ টকা পাব।