এটি শিশু দেশৰ ভৱিষ্যতৰ নাগৰিক।সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ-এজন সফল নাগৰিক হব পাৰিব। শিশুৰ শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন।ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয়।গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই-কথা শিকোৱাটো একান্তই আৱশ্যক।
১/ সহযোগিতা- সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস-সৰুৰে পৰা এটি শিশুক শিকাব লাগে।যিহেতু ই হৈছে-এক অপৰিহাৰ্য মানৱীয় বৈশিষ্ট্য।যি ভৱিষ্যতলৈ শিশুটিক সকলোৰে লগত সহযোগ কৰাৰ ক্ষমতা প্ৰদান কৰিব।সহযোগিতা হৈছে সম্প্ৰিতীৰ প্ৰৰিচয়।সম্প্ৰিতীৰ অবিহনে-কেতিয়িও এখন সমাজত শান্তি-শৃংখলা অটুট নাথাকে।
২/ ভাগ-বতৰা কৰা- মানুহ হৈছে-সামাজিক প্ৰাণী।সমাজত বাস কৰিবলৈ প্ৰতিজন মানুহে-ভাগ-বতৰা কৰা মনোভাব থাকিব লাগে।গতিকে-এটি শিশুক সৰু অৱস্থাতে যিকোনো বস্তু ভাগ-বিতৰণ কৰি খোৱাৰ অভ্যাস গঢ়ি-তুলিবলৈ চেষ্টা কৰিব লাগে।যি অভ্যাসে মানুহক সমাজমুখী হোৱাত সহায় কৰে।
৩/ শুনাৰ অভ্যাস – এটি শিশুক প্ৰথমৰপৰাই আনৰ কথা শুনিবলৈ শিকাব লাগে।জীৱনত যিকোনো ক্ষেত্ৰতে অহা-সমস্যাৰ মুখামুখি হবলৈ-প্ৰথমে শুনি মন্তব্য দিলে-বিপদত পৰাৰ ভয় নাথাকে।যি অভ্যাসে শিশুটিক ধৈৰ্য্য আৰু সহনশীল হবলৈও শিক্ষা দিব লগতে এই অভ্যাসে এজন ভাল মানুহ হোৱাটো সহায় কৰিব।
৪/ সামাজিকতা – শিশুক আন মানুহৰ লগত মিলা-প্ৰীতিৰে সহবাস কৰিবলৈ শিকাব লাগে।আনৰ কথাত বাধা নিদি আনৰ মতামতক সন্মান কৰিব শিকালে ভৱিষ্যতে সমাজৰ সৈতে মিলি থকাটো সুবিধা হয়।
৫/ চাপৰ সন্মুখীন হবলৈ শিকাব লাগে- সৰুতেই শিশুক চাপৰ সৈতে-মোকাবিলা কৰিবলৈ শিকাব লাগে।যিহেতু মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটাই আহে।দুখৰ চাপ সহ্য কৰিব পাৰিলেহে সুখ প্ৰাপ্তি হয়।কোনো কাৰণত মন ভাৰাক্ৰান্ত হলে শান্ত কৰিবলৈ চাপ অতিক্ৰম কৰিবই লাগিব।
৬/ অনুপ্ৰাণিত কৰা- অনুপ্ৰাণিত কেৱল নিজৰ শিশুকে নহয়,আনৰ কামকো অনুপ্ৰাণিত কৰিবলৈ শিশুক সৰুৰে পৰা শিকাব লাগে।সৰুতে এই শিক্ষা পালে-ভৱিষ্যতলৈ অহা কঠিন সময়ক সহজে অতিক্ৰম কৰিব পাৰিব।
৭/ আনক তুচ্ছ- তাচ্চিল্য কৰিব নালাগে- শিশু অৱস্থাৰে পৰা আপোনাৰ শিশুটিক আনক তুচ্ছ-তাচ্চিল্য কৰিবলৈ নিদিব।আনক তুচ্ছ-তাচ্চিল্য কৰা যে-বেয়া,সেই কথা সৰুতেই শিকাব লাগে।